মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী

আইনী সুবিধা

দৰিদ্ৰজনৰ হিতাৰ্থে আইনী সুবিধা প্ৰদান বাস্তৱায়িত কৰা-

দৰিদ্ৰজনক আইনী সুবিধা প্ৰদানৰ বিষয়টোৰ সৈতে বিধায়িনী বিভাগ জড়িত হৈ আছে আৰু সেই উদ্দেশ্যে ৰাজ্যিক আইনী সেৱা বিভাগ গঠন হয় জাননী নং LGL.176/94/pt-11/47, ৭ এপ্ৰিল, ১৯৯৮ত। ই আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ৰ অনুচ্ছেদ ৬ ৰ অধীনত গঠিত এক পৰিনিয়ত নিকায় যাক অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ নিয়ম, ১৯৯৬ ৰ লগত পঢ়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰাধিকৰণৰ মুখ্য পৃষ্ঠপোষক আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ মৰ্মে ৰাজ্যপালৰ দ্বাৰা মনোনীত এক সেৱাৰত ন্যায়াধীশ কাৰ্য্যবাহী অধ্যক্ষ, আন আন সদস্যৰে সৈতে মহাধিবক্তা, অসম, অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব, বিধায়িনী(আইন) বিভাগৰ সচিব, আৰক্ষী সঞ্চালক প্ৰধান হৈছে প্ৰাধিকৰণৰ পদেন সদস্য।

ৰাজ্যিক প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষৰ অধীনত প্ৰাধিকৰণৰ ক্ষমতা আৰু কাৰ্য্যাৱলীসমূহ ব্যৱহাৰ কৰিবৰ কাৰণে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ মৰ্মে ৰাজ্য চৰকাৰে ৰাজ্যিক ন্যায়িক সেৱাৰ লগত জড়িত এজন ব্যক্তি যি জিলা ন্যায়াধীশৰ তলৰ পদবীৰ নহয় তেওঁক ৰাজ্যিক প্ৰাধিকৰণৰ সদস্য সচিব হিচাপে নিযুক্ত কৰে।

ৰাজ্যিক প্ৰাধিকৰণে আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ আৰু সেই অনুযায়ী প্ৰস্তুত কৰা নিয়ম আৰু বিনিয়মসমূহৰ অধীনতকাৰ্য্যাৱলী ব্যৱহাৰ কৰে।

ৰাজ্যিক প্ৰাধিকৰণৰ কৰ্তব্য হৈছে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ নীতি আৰু নিৰ্দ্দেশসমূহক প্ৰভাৱিত কৰা। আইন অনুযায়ী নিৰ্দ্ধাৰিত উপবন্ধ অনুসৰি প্ৰাধিকৰণে ব্যক্তিসকলক আইনী সেৱা প্ৰধান কৰে। ই লোক আদালতক পৰিচালনা কৰে আৰু প্ৰতিৰোধমূলক আৰু কৌশলগত আইনী সাহাৰ্য কাৰ্য্যসূচীৰ দায়িত্ব গ্ৰহণ আৰু কেন্দ্ৰীয় প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দ্ধাৰিত আৰু আইন অনুযায়ী প্ৰস্তুত কৰা নিয়ম আৰু বিনিয়মসমূহৰ অধীনত অন্যান্য কাৰ্য পালন কৰে।

ৰাজ্যিক আইনী প্ৰাধিকৰণৰ কাৰ্যৰ উন্মুক্তি কাৰণে ৰাজ্য চৰকাৰে আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ ৰ উপবন্ধ অনুসৰি প্ৰয়োজনীয় নিৰ্দ্দেশ আগবঢ়াই আৰু সেই অনুসাৰে নিয়ম আৰু বিনিয়ম প্ৰস্তুত কৰে।
বৰ্তমান ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণত নিম্নোলিখিত পদসমূহ আছেঃ-

 

 

 

সদস্য সচিব

উপ সচিব

অৱৰ সচিব

১(ভি)

গাণনিক বিষয়া

১(ভি)

উচ্চবৰ্গ সহায়ক

নিম্নবৰ্গ সহায়ক

ষ্টেনোগ্ৰাফাৰ

১(ভি)

গণনা সহকাৰী

১(ভি)

পিয়ন

২-২(ভি)

১০

গাড়ী চালক

১১

বঙলা পিয়ন

আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ৰ অধীনত ২১ খন ন্যায়িক জিলাত আইনী সেৱা প্ৰাধিকৰণ আইনে নিৰ্দ্ধাৰণ কৰা আইনী সেৱাৰ কাৰ্যসমূহ পালন কৰিবৰ বাবে জিলা আইনী সেৱা প্ৰাধিকৰণসমূহ গঠন কৰা হয় চৰকাৰী অধিসূচনা নং. LGL.176-94/pt-II/48, দিনাংক ৭ এপ্ৰিল ১৯৮৮ বৰ্ষত আৰু সেই অনুসৰি নিয়ম আৰু বিনিয়মসমূহ তৈয়াৰ কৰা হয়। জিলা প্ৰাধিকৰণ পদেন সদস্য যেনে- জিলা ন্যায়াধীশ, জিলা দণ্ডাধীশ, পুলিচ অধীক্ষক, মুখ্য ন্যায়িক দণ্ডাধীশ, জিলা চৰকাৰী অধিবক্তাৰে গঠিত আৰু এই সদস্যসকলক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ মৰ্মে ৰাজ্য চৰকাৰে মনোনীত কৰে।

জিলা প্ৰাধিকৰণে সংমণ্ডলীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্য্যকলাপ আৰু জিলাৰ অন্য আইনী সেৱাসমূহৰ সম্বন্বয়, লোক আদালত অনুষ্ঠিত কৰা আৰু ৰাজ্যিক প্ৰাধিকৰণে অৰ্পণ কৰা আন আন কাৰ্যসমূহ পালন কৰে।

জিলা আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্য্যকলাপসমূহ পালন কৰিবৰ কাৰণে চৰকাৰে জিলাৰ জিলা প্ৰাধিকৰণত পদৰ সৃষ্টি কৰে। জিলা আইনী সেৱা প্ৰাধিকৰণৰ প্ৰত্যেক জিলাত কৰ্মচাৰী বৰ্গ এনেধৰণৰঃ

 

 

জিলাৰ জিলা আৰু ছেছন ন্যায়াধীশ, অধ্যক্ষ

পূৰ্ণকালিন সচিব

উচ্চবৰ্গ সহায়ক

নিম্নবৰ্গ সহায়ক

পিয়ন

আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ ৰ অধীনত  বাজালী, হোজাই, ৰঙিয়া সংমণ্ডলত সংমণ্ডলীয় আইনী সেৱা সমিতি গঠন কৰা হয় আৰু আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ ৰ অধীনত কাৰ্যৰ উন্মুক্তিৰ কাৰণে উচ্চ ন্যায়ালয়ৰ আইনী সেৱা সমিতি গঠন কৰা হয়।