মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী

পুথিভঁৰাল

বিধায়িনী বিভাগৰ পুথিভঁৰাল

পুথিভঁৰালৰ বিষয়ে

বিধায়িনী বিভাগৰ পুথিভঁৰাল বিভাগটোৰ এক অংশ। পুথিভঁৰালটো বিষয়াসকলৰ লগতে বিভাগৰ কৰ্মচাৰীসকলৰ চৰকাৰী আৱশ্যকতাসমূহ পূৰণ কৰিবৰ কাৰণে ১৯৮৮ বৰ্ষত আৰম্ভ হয়। পুথিভঁৰালটোৱে  মুখ্য আৰু অধীনস্থ আইনসমূহৰ খচৰা আৰু পৰীক্ষণ সম্বন্ধীয় বিভিন্ন আইনী সমস্যা আৰু বিষয়ৰ পৰীক্ষণ আৰু অধ্যয়নৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জনসাধাৰণৰ কাৰণে এই পুথিভঁৰালটো উপলব্ধ নহয়। এই বিভাগীয় পুথিভঁৰালটোত কেৱল আইন সম্বন্ধীয় নথি যেনে- কিতাপ, পত্ৰিকা আদিহে উপলব্ধ, যিবোৰ কেৱল বিভাগৰ বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকলে বিভিন্ন ফাইলৰ নিষ্পত্তি কৰাৰ কাৰণে সেইসমূহৰ আইনী অনুসন্ধান আৰু প্ৰসঙ্গ নিৰ্দ্দেশৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে।

পুথিভঁৰাল

পুথিভঁৰালত ৰাজ্য আৰু কেন্দ্ৰৰ ৰাজপত্ৰ অধিসূচনা, ৰাজ্যিক আইন, আইন পুথি, আইন পত্ৰিকা আদিৰ এক গভীৰ সংগ্ৰহ আছে। অসমৰ ৰাজ্যিক আইনসমূহ মুদ্ৰিত আৰু ডিজিটেল(বিভাগীয় ৱেবছাইটত) উভয় ৰূপতে উপলব্ধ।

পুথিভঁৰালৰ কৰ্মচাৰীবৰ্গঃ

গ্ৰন্থাগাৰী------------------- ১(বৰ্তমান খালি)
সহকাৰী গ্ৰন্থাগাৰী-------------- ১
পুথিভঁৰাল সহৱৰ্ত্তী অনুচৰ--------- ১

পুথিভঁৰাল সেৱাঃ

পুথিভঁৰালে বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলক সেৱা প্ৰদান কৰে।
ঋণদান সেৱা
প্ৰসঙ্গ সেৱা
ৰিপ্ৰোগ্ৰাফিক সেৱা
ইণ্টাৰনেট সেৱা