মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী

অসম ৰাজ্যিক চৰকাৰী ভাষা আয়োগ

অসম ৰাজ্যিক চৰকাৰী ভাষা আয়োগ গঠন হয় ১৯৮৭ চনত, চৰকাৰী জাননী নং LGL.187/78/pt-1/46, দিছপুৰ, তাৰিখ ২১ ফেব্ৰুৱাৰী,১৯৮৭ চন। এই আয়োগখন বিধায়িনী বিভাগৰ প্ৰশাসনীক নিয়ন্ত্ৰণৰ অধীন।
আয়োগৰ বিভিন্ন কৰ্য্য তথা দায়িত্বসমূহ কেন্দ্ৰীয় আইনসমূহৰ অনুবাদ কৰা যিসমূহ কেন্দ্ৰীয় চৰকাৰ দ্বাৰা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হয়। কেন্দ্ৰীয় আইনৰ পৰা প্ৰতিলিপি পোৱাৰ পাছত, বিধায়িনী বিভাগে সেইসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰিবৰ কাৰণে আয়োগলৈ পঠাই আৰু পুনৰ ইয়াৰ সুবিবেচনা, চূড়ান্তকৰণ আৰু প্ৰমাণীকৰণৰ পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰকজমা দিবৰ বাবে এই আইনসমূহৰ অনুবাদিত সংস্কৰণবিধায়িনী বিভাগক জমা দিয়া হয়।
এই আয়োগৰ সমূহ কৰ্মচাৰী তথা বিষয়া বিধায়িনী বিভাগৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণাধীন। আয়োগ সম্বন্ধীয় সকলো সিদ্ধান্ত বিধায়িনী বিভাগৰ অধ্যক্ষৰ নিৰ্দেশত লোৱা হয়। অধ্যক্ষ বিধায়িনী বিভাগৰ সচিব/আয়ুক্ত আৰু সচিবৰ প্ৰতি জবাবদেহী।
এই আয়োগৰ সদস্যসকল নিম্নোল্লেখিত ধৰণৰঃ-


১.

পদেন অধ্যক্ষ

এজন

২.

জ্যেষ্ঠ ভাষা বিষয়া

এজন

৩.

ভাষা বিষয়াসকল

পাঁচজন

৪.

উচ্চবৰ্গ সহায়ক

এজন

৫.

নিম্নবৰ্গ সহায়ক

এজন

৬.

মুদ্ৰালেখন যন্ত্ৰী

পাঁচজন

৭.

পিয়ন

চাৰিজন

৮.

নৈশ চকীদাৰ

এজন

                                                     মুঠ – ১৯জন কৰ্মচাৰী এই বিভাগটোত কৰ্মৰত।