মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী

অসম ৰাজ্যিক আইন আয়োগ

ৰাজ্যিক আইন আয়োগ, অসম –
মাননীয় ৰাজ্যপাল মহোদয়ে ৰাজ্যিক আইনী আয়োগৰ গঠন কৰে জাননী নং জে.জে.১২৭/৫৭/২৭ ত ২৬ নবেম্বৰ ১৯৫৯ চনত, যাতে সংবিধানৰ সপ্তমসূচী আৰু কেন্দ্ৰীয় আইনসমূহৰ ৰাজ্যিক তালিকা সম্পৰ্কিত বিষয়ত সংশোধন আৰু পুনৰ পৰীক্ষাকৰণৰ প্ৰশ্নৰ বিবেচনা কৰা হয় আৰু এই আইন আৰু নিয়মসমূহৰ ন্যায়িক ঘোষণাৰ আলোকত আৰু ভাৰতীয় সংবিধানৰ উপবন্ধসমূহৰ লগত সামঞ্জস্যপূৰ্ণ কৰিবৰ কাৰণে আৰু এই সন্দৰ্ভত পৰামৰ্শ আৰু অনুমোদন কৰিবৰ কাৰণে বিভিন্ন নিয়ম বনোৱা হৈছে।
ইয়াক বহুত সময়ত পুনৰ নিৰ্মাণ কৰা হয়। ২০০৯ চনত শেষৰবাৰ ইয়াক পুনঃনিৰ্মাণ কৰা হয় চৰকাৰীজাননী নং- LGL.৯৭/৯৮/১০৭ত, দিছপুৰ দিনাংক ১২ আগষ্ট ২০০২।
এই বিভাগটো বিধায়িনী বিভাগৰ নিয়ন্ত্ৰণাধীন। এই বিভাগটো গঠন হৈছে এজন অধ্যক্ষ, এজন উপাধ্যক্ষ, ৭জন সদস্য তথা অংশকালীন সদস্য-সচিবেৰে। ৰাজ্যখনৰ মহাধিবক্তা আৰু অতিৰিক্ত মহাধিবক্তা হৈছে ক্ৰমে ইয়াৰ অধ্যক্ষ আৰু উপাধ্যক্ষ। প্ৰতিজন সদস্য আৰু সদস্য-সচিব আইন বিভাগৰ সৈতে যুক্ত হৈ থকা ব্যক্তি আৰু তেওঁলোকক চৰকাৰৰ দ্বাৰা মনোনীত কৰা হয়। আয়োগৰ অলপীয়া কৰ্মীবৰ্গ এনেধৰণৰ সদস্য সচিবক সহায় কৰিবৰ কাৰণে এজন আইন সহকাৰী,ষ্টেনোগ্ৰাফাৰ, এজন উচ্চবৰ্গ সহায়ক, এজন টাইপিষ্ট আৰু তিনিজন চতুৰ্থবৰ্গৰ কৰ্মচাৰী। আইনী আয়োগৰ সহায়ক কৰ্মচাৰী বিধায়িনী বিভাগৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণ আৰু নিয়ন্ত্ৰণাধীন আৰু অংশকালীন সদস্য সচিবৰ ওচৰত দায়বদ্ধ। সদস্য সচিবৰ দ্বাৰা উল্লেখ কৰা আয়োগৰ স্থাপন বিষয়ক সকলো সিদ্ধান্ত বিধায়িনী বিভাগত লোৱা হয়। নিজৰ কাৰ্য্যৰ নিৰ্গমনৰ কাৰণে সদস্য সচিব অসম চৰকাৰৰ বিধায়িনী বিভাগৰ প্ৰতি জবাবদিহি।
ৰাজ্যিক আইনী আয়োগৰ কাৰ্য্ক্ৰম আৰু কৰ্তব্যসমূহ হৈছে বিদ্যমান ৰাষ্ট্ৰীয় আইনসমূহৰ সুক্ষ্ম নিৰীক্ষণ আৰু পৰীক্ষা কৰা আৰু উপযুক্ত সংশোধন/পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়োৱা যদি প্ৰচলিত পৰিস্থিতিত উক্ত আইন অনুসাৰে প্ৰয়োজন হয় আৰু কোনো নতুন বিষয়ত আইন প্ৰণয়নৰ প্ৰস্তাৱ কৰে যিটো ৰাষ্ট্ৰৰ স্বাৰ্থৰ হকে উপযুক্ত আৰু প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। প্ৰস্তাৱৰ প্ৰক্ৰিয়া আৰু বিধায়িনী প্ৰস্তাৱৰ ওপৰত প্ৰশাসনীক সিদ্ধান্ত লবৰ বাবে বিধায়িনী বিভাগৰ দ্বাৰা আইনী আয়োগৰ পৰা এনেধৰণৰ প্ৰস্তাৱ প্ৰাপ্ত কৰাৰ পাছতবিধায়িনী বিভাগে সংশ্লিষ্ট প্ৰশাসনীয় বিভাগক অৰ্থাত যাৰ অধীনত এই বিষয়সমূহ জড়িত তেওঁলোকৰ ওচৰত খচৰা প্ৰস্তাৱ আগবঢ়াব।